ৰঙিয়া মহকুমাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটী শ্ৰীশ্ৰী মাধৱ মন্দিৰৰ ওচৰত আজিৰ পৰা দুইদিনমান আগতে এজন অচিনাক্ত বৃদ্ধক ৰাইজে প্ৰত্যক্ষ কৰে৷ভোকত আতুৰ হৈ থকা বৃদ্ধ গৰাকীক খাদ্য আৰু পানীৰো যোগান ধৰে কেইগৰাকীমান সচেতন যুৱকে৷আনকি বৃদ্ধ গৰাকীক আশ্ৰয় ও দিয়ে৷মনকৰিবলগীয়া যে বৃদ্ধ গৰাকীয়ে তেওঁৰ নামটোৰ বাহিৰে অন্য কোনো ঠিকনা দিৱ নোৱাৰে৷উপায়ন্তৰ হৈ গাওবাসীৰ সহযোগত বুধবাৰে বৃদ্ধ গৰাকীক স্থানীয় কঞাঁ আৰক্ষীক চমজাই দিয়ে৷কঞাঁ আৰক্ষীয়েও কোনো ঠিকনা উলিৱাব নোৱাৰি আজি পূৱা নলবাৰী শান্তি নিবাস অনাথ আশ্ৰমত ভৰ্তি কৰাই৷বৃদ্ধ জনৰ স্বীকাৰোক্তিৰ সুত্ৰত জানিব পৰামতে তেওঁৰ নাম কৰুণাকান্ত মেধি৷
বাৰাংহাটীৰ একাংশ যুৱকৰ প্ৰশংসনীয় কাৰ্য্য: ঠিকনা বিহীন বৃদ্ধক শুশ্ৰূষাৰ অন্তত আৰক্ষীৰ সহযোগত অনাথ আশ্ৰমলৈ প্ৰেৰণ
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/11/nerity_80066c19eb80d1befc8242aaf77d2a81.jpg)