সোণাৰিৰ টিমনত ভয়ংকৰ দুৰ্ঘটনাত দুজন আহত

চৰাইদেউ জিলাৰ সোণাৰি টিমনত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন মালবাহী বলে'ৰ পিকআপ বাহন নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰি বাগৰি পৰে। AS33C0301 নম্বৰৰ মালবাহী বাহনখন তিনিচুকীয়াৰ পৰা সোণাৰিলৈ অত্যাধিক সামগ্ৰী কঢ়িয়াই আনিছিল। যাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। এই দুৰ্ঘটনাত চালক অজয় দিহিঙীয়া আহত হোৱাৰ লগতে হেন্দিমেন গৰাকী গুৰুতৰ ভাবে আহত হয়। পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনাৰ পিছতেই স্থানীয় ৰাইজৰ তৎপৰতাত আহত দুয়োকে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰা হয়।