নাজিৰাত লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে নাজিৰা মহকুমা প্ৰশাসনৰ কেৰিয়াৰ পৰামৰ্শ অনুষ্ঠান । নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহকুমা পুথিভঁৰালৰ সহযোগত বীৰ সেনানায়ক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি আজি নাজিৰা মহকুমা পুথিভঁৰালত এখনি "কেৰিয়াৰ পৰামৰ্শ" অনুষ্ঠান অনুষ্ঠিত কৰা হয়। 

নাজিৰা মহকুমাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশেষভাৱে আয়োজন কৰা এই কেৰিয়াৰ পৰামৰ্শ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নাজিৰা মহকুমাৰ নিৰ্বাচনী বিষয়া অংশুলেখা দত্ত পাঠক , চিকিৎসক ড° আদিত্য গোৱেংকা আৰু বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা দম্বিধৰ টায়। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত থকা জীৱিকা তথা উপাৰ্জনৰ পথ সমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক কেনেদৰে আগবাঢ়িলে নিজ নিজ লক্ষ্যত উপনীত হব পাৰিব সেই বিষয়েও আলোচনা কৰে। 

ছাত্ৰ ছাত্ৰী সকলৰ সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰে বুলি মহকুমাধিপতি আয়ুষী জৈনে মত প্ৰকাশ কৰে । 

নাজিৰা খণ্ড প্রা: শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে সঞ্চালনা কৰা এই অনুষ্ঠানৰ সমন্বয়কৰ দ্বায়িতত থাকে নাজিৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজু ফুকন আৰু সমাজ সেৱক প্ৰশান্ত বৰঠাকুৰ।