বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে আজি তিনিচুকীয়া পৌৰসভা কাৰ্য্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত শ্ৰী নৰসিং পৱাৰে তিনিচুকীয়া জিলা প্ৰশাসন আৰু  জিলা স্বাস্থ্য সমিতি , ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান- তিনিচুকীয়াৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে তিনিচুকীয়া জিলা প্ৰশাসন আৰু তিনিচুকীয়া মৰোৱাৰী যুৱমঞ্চৰ উদ্যোগত আয়োজিত ৰক্ত দান শিবিৰৰ শুভউদ্বোধন কৰে।

উক্ত কাৰ্য্যসূচীত অতিৰিক্ত উপায়ুক্ত শ্ৰী দিপু কুমাৰ ডেকা, তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গৌৰী শংকৰ গগৈ, তিনিচুকীয়া পৌৰসভাৰ সভাপতি শ্ৰী জয়ন্ত বৰুৱা,  সহকাৰী আয়ুক্ত শ্ৰীমতী অপৰূপা বৰগোহাঁই প্ৰমুখ্যে স্বাস্থ্য বিভাগ আৰু পৌৰসভাৰ বিষয়াববীয়াসকল উপস্থিত থাকে।

উভয় শিবিৰৰ শুভউদ্বোধন কৰি জিলা উপায়ুক্ত শ্ৰী নৰসিং পৱাৰে স্বেচ্ছাই ৰক্ত দানৰ দৰে মহৎ উদ্দেশ্যৰ বাবে আগবাঢ়ি অহা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

উপায়ুক্তগৰাকীয়ে সকলোকে বীৰ লাচিত বৰফুকনৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহ্বান জনায়।