অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত দেওমৰনৈৰ শিক্ষানুষ্ঠানত এইডচ সজাগতা সভা সম্পন্ন

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি,খানাপাৰাৰ উদ্যোগত দেওমৰনৈৰ চাৰিখনকৈ উচ্চ শিক্ষানুস্থানত এইডচ সজাগতাৰ উদ্দেশ্যে এলানি কাৰ্যসূচী গ্ৰহণ কৰা  হয় ।  এইচ,আই,ভি/এইডচ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি আৰু  এইচ,আই,ভি/এইডচ সংক্ৰমণৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি সেই বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে উক্ত কাৰ্যসূচী গ্ৰহণ কৰে। দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়,দেওমৰনৈ স্নাতক মহাবিদ্যালয়, দেওমৰনৈ বি-এড মহাবিদ্যালয় আৰু দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুকীয়া সুকীয়াকৈ অনুষ্ঠিত হোৱা আৰু সংশ্লিষ্ট শিক্ষানুষ্ঠান কেইখনৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰা সজাগতা সভাত মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ পৰিপুষ্টি কাউন্সিলৰ জোনালী বৰ্মন,আইচিটিচি,ৰ কাউন্সিলৰ দীপক শইকীয়া আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি, দৰঙৰ প্ৰকল্প পৰিচালক গফুৰ আলি উপস্থিত থাকি মনোজ্ঞ আলোচনা আগবঢ়ায়।