আজি নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমাধিপতি আয়ুষী জৈনৰ সভাপতিত্বত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উক্ত আলোচনাত সদৰি কৰা অনুসৰি আগন্তক ২১ নৱেম্বৰ পৰা ২৩ নৱেম্বৰ লৈকে বীৰগৰাকীৰ দেশপ্ৰেম আৰু বীৰত্ব স্মৰণ কৰি মহকুমা প্ৰশাসনে কেইবাটাও কাৰ্য্যসূচী হাতত লৈছে।

২১ নৱেম্বৰ তাৰিখে "Donate a book" শীৰ্ষক প্ৰচাৰ অভিযান হাতত লোৱা হৈছে যত বিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে নাজিৰা পুথিভঁৰালত নিজৰ পচন্দ অনুযায়ী কিতাপ দান কৰিব পাৰিব। 

২২ নৱেম্বৰৰ দিনা পুৱাৰ ভাগত বীৰ লাচিত বৰফুকনৰ জীৱন সন্দৰ্ভত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হব। তাৰ পিছত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে "career counselling"ৰ বিষয়ে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে যত সমল ব্যক্তি ৰূপে একোজনকৈ অভিযন্তা, চিকিৎসক আৰু চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰিব। 

ঐতিহাসিক শৰাইঘাট ৰণত বীৰ লাচিত বৰফুকনে প্ৰদৰ্শন কৰা বীৰত্বক সুঁৱৰি নাজিৰা মহকুমা প্ৰশাসনৰ সমীপত থকা বৰবৰুৱা পুখুৰী পাৰত ২৩ নৱেম্বৰ তাৰিখে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত পুৱা ১০ বজাৰ পৰা চিত্ৰাংকন আৰু কলা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে তেখেতৰ প্ৰতিচ্ছবি নাজিৰা মহকুমাৰ পুথিভঁৰালত উদ্বোধন কৰা হব। একেদিনাই, সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ এক সাংস্কৃতিক সন্ধিয়া অনুস্থিত কৰা হব।

আনহাতে, বৰবৰুৱা পুখুৰী পাৰৰ সৌন্দৰ্য্য বৰ্ধনৰ বাবে বৃক্ষৰোপন কাৰ্য্যসূচী ও হাতত লৈছে মহকুমা প্ৰশাসনে।

মহকুমাধিপতি আয়ুষী জৈনে সকলো ৰাইজকে লাচিত দিৱসৰ কাৰ্যসূচী সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰিবৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাছে।