হাতীৰ পিছত এইবাৰ গড়ৰ আতংক বিশ্বনাথত। বিশ্বনাথৰ ননকে জাপৰি গুৰীৰ মৰাপাট খেতিৰ সমীপত আশ্ৰয় গ্ৰহণ কৰি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গড়ে।

পুৱা ভাগত স্থানীয় এজন প্ৰত্যক্ষ দৰ্শীৰ ভিত্তিত বন বিভাগৰ দলে অনুসন্ধান চলাই নিশ্চিত কৰে গড়ৰ অৱস্থিতি। ইতিমধ্যে গড়টোৱে খেতিদৰাত আশ্ৰয় গ্ৰহণ কৰাৰ বিপৰীতে বন বিভাগৰ দলে অঞ্চলটোত তহল দি আছে।

এক প্ৰকাৰ বিশ্বনাথ এতিয়া দ্বিতীয় ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিনত হবলৈ ধৰিছে। যোৱা কেইদিনমান পূৰ্বে বিশ্বনাথৰ ২ নং কুমলীয়াত এটা মৰাপতৰ খেতিৰ সমিপত দুটাকৈ বাঘৰ পোৱালী উমলি থকা দৃশ্য বন্দী কৰিছিল এজন স্থানীয় লোকে নিজৰ মবাইল কেমেৰাত। যাক লৈ আজিও সমগ্ৰ অঞ্চলত এক আতংকময় পৰিস্থিত এতিয়াও অব্যাহত আছে।

যোৱা তিনিদিন মান পূৰ্বে পুনৰ গুপ্তকাশী বিশ্বনাথ ঘাটৰ নতুন গাৱত নিশা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে প্ৰবেশ কৰি এজন লোকৰ পাকঘৰ ভাগি পেলাইছিল। পুনৰ আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা বনৰীয়া হাটীয়ে মহাবাহু ব্ৰাহ্মপুত্ৰ বুকুয়েদি বিশ্বনাথ ঘাটৰ জনাঞ্চলত প্ৰবেশ কৰাৰ চেষ্টা কৰিছিল যদিও বন বিভাগৰ লোকে সেই চেষ্টা বিফল কৰিলে।

বনৰীয়া হাতীৰ আতংক মাৰ নাজাওতেই পুনৰ গড়ৰ আতংক সৃষ্টি হল পানীভৰাল পঞ্চায়তৰ ননকে জাপৰীগুৰীত। এতিয়াও বন বিভাগৰ লোকে গড়টোক পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উভতাই পঠিয়াবলৈ চেষ্টা আব্যাহত ৰাখিছে।