নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু নাজিৰা মহকুমা প্ৰশাসন তথা নাজিৰা প্ৰেছ ক্লাবৰ সহযোগত  আজি নাজিৰা প্ৰেছ ক্লাবত “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস”, ২০২২ উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে বন্তি প্ৰজ্বলন কৰে। তেখেতে নিজৰ আদৰণী ভাষণত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বাবে সাংবাদিক তথা সংবাদ মাধ্যমৰ লগত জৰিত প্ৰত্যেক গৰাকী ব্যক্তিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে, 'আজিৰ এই পৱিত্ৰ দিনটোত সংবাদ সেৱাৰ জৰিয়তে দেশ-জাতিৰ বাবে কাম কৰিবলৈ গৈ অকালতে জীৱন হেৰুৱা সকলোলৈ শ্ৰদ্ধা নিবেদিছোঁ। যিসকল মহান সংবাদ সেৱীৰ বাবে দেশ তথা ৰাজ্যৰ সংবাদ মাধ্যমে আজিৰ অৱস্থাত উপনীত হ’ব পৰিছে, তেওঁলোকক কৃতজ্ঞতাৰে স্মৰণ কৰিছোঁ। ভাৰতীয় সংবাদ মাধ্যম অন্য দেশৰ বাবে আদৰ্শ হওক তাৰে কামনা কৰিলোঁ।"

এই অনুষ্ঠানত মহকুমাটোৰ পাঁচ জন জ্যেষ্ঠ সাংবাদিক ক্ৰমে অনন্ত কলিতা, ভাইটি ৰহমান, দিলীপ হাজৰিকা, মনোজ দত্ত আৰু শিৱ গগৈক সম্বৰ্ধনা জনোৱা হয়। তদুপৰি, এইবাৰ প্ৰেছ দিৱসৰ বিষয় "ৰাষ্ট্ৰ গঠনত সংবাদ মাধ্যমৰ ভূমিকা" শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়াই দৈনিক জনমভূমিৰ সাংবাদিক ভাস্কৰজ্যোতি বৰগোহাঁইয়ে। তদুপৰি, সাংবাদিক বিপিন হাজৰিকাৰ কবিতা আবৃত্তি আৰু সাংবাদিক যদুমনি হাজৰিকাৰ গীতত সকলো আপ্লুত হয়।

নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি বুলু চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত ঐতিহাসিক গড়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দূৰ্লভ বুঢ়াগোহাঁই, নাজিৰা চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ শৰ্মা আৰু নাজিৰা মহকুমাৰ সংবাদ সেৱী সকল উপস্থিত আছিল। এই অনুষ্ঠানৰ আঁত ধৰে প্ৰতিদিন কাকতৰ সাংবাদিক ধ্ৰুৱজ্যোতি গগৈয়ে।