বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্মজয়ন্তী উলহ মালহেৰে উদযাপন কৰা হয় । টিংখাঙৰ বামুণবাৰী চাহ বাগিচা খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিশাল অনুষ্ঠানটোত আজি হাজাৰ হাজাৰ ৰাইজৰ সাংস্কৃতিক শোভাযাত্ৰাই মোহিলে ৰাইজক । অভিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতি, জিলা মহিলা সমিতিৰ উদ্যোগত তথা বামুণবাৰী, মৰাণ, খোৱাং, বৰবৰুৱা, টিংখাং ৰাজগড় আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে এই সভা । সপ্তম পঞ্চবাৰ্ষিক অধিৱেশনৰ কালি কেইবাটাও কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আজি পুৱাৰ ভাগত সামুহিক চাফাই অভিযানে কাৰ্যসূচী আৰম্ভ হয় । ইয়াৰ পিছতে শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ প্ৰতিছবিত মাল্যাপন, মুণ্ডা মহাসভাৰ প্ৰয়াত কৰ্মীসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয় । এই সাংস্কৃতিক শোভাযাত্ৰাত চাহ জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয় । ইফালে ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বীৰছা মুণ্ডাৰ জীৱন পৰিক্ৰমাৰ ওপৰত ভাষণ আগবঢ়ায় । বন্ধ বাতিল কৰিবলৈ মুণ্ডা মহাসভাই আহ্বান জনোৱাৰ পিছত ছয় জনগোষ্ঠী যৌথ মঞ্চই নামানি বন্ধ বাহাল ৰখাত দুখ প্ৰকাশ কৰিছে মুণ্ডা মহাসভাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জুডোত ৰূপৰ পদক আজুৰিলে মনিপুৰৰ সুশীলা দেৱীয়ে
ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ-পূৱৰ খেলুৱৈৰ দপদপনি অব্যাহত আছে । বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ...
डोडा में डबल आतंकी हमला करने वाले आतंकियों पर 20 लाख का ईनाम, JK पुलिस ने जारी किया स्केच
जम्मू कश्मीर पुलिस ने डोडा में आतंकी हमला करने वाली चार आतंकियों का स्केच जारी किया है। आतंकियों...
દિયોદર : કોંગ્રેસ માં સૌથી મોટું ગાબડું
દિયોદર : કોંગ્રેસ માં સૌથી મોટું ગાબડું
আলফাৰ সৈতে যোগাযোগ ৰক্ষা কৰা বোৱাৰীসহ দুজন লিংকমেনক আটক
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীয়ে পুনৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)ৰ দুগৰাকীকৈ লিংকমেনক...
Swati Maliwal Assault Case: Bibhav Kumar के फोन से डाटा रिकवर करने की कोशिश जारी | Aaj Tak News
Swati Maliwal Assault Case: Bibhav Kumar के फोन से डाटा रिकवर करने की कोशिश जारी | Aaj Tak News