ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বিশ্ব মাতৃ দুগ্ধ পান সপ্তাহ পালন।বিশ্ব দুগ্ধ পান সপ্তাহ লগত সংগতি ৰাখি ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হৈছে বিশ্ব দুগ্ধ পান সপ্তাহ।

বিশেষকৈ নতুনকৈ মাতৃত্ব লাভ কৰা মহিলা সকলে সঠিক আৰু শুদ্ধ পদ্ধতিৰে তেঁও লোকৰ সন্তানটোক স্তনপান কৰাইছে নাই এই সমূহ বিষয়ত প্ৰসুতি সকলক সজাগ কৰিবলৈ এই বিশ্ব স্তন পান সপ্তাহৰ কাৰ্য্যসূচী সমূহ গ্ৰহন কৰা হৈছে।

সংহত শিশু উন্নয়ন প্ৰকল্প অধীনৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ তৰফৰ পৰা অন্যান্য কাৰ্যসূচী লগতে শিশু সকলৰ পুষ্টিহীনতা প্ৰতিৰোধৰ উদ্দেশ্যেৰে এই স্তনপান সপ্তাহৰ কাৰ্য্যসূচীত আলোকপাত কৰা হৈছে লগতে ঘিলামৰা সংহত শিশু প্ৰকল্পৰ সৌজন্যত ঘিলামৰা মেৰকাঠনি অংগণবাদী কেন্দ্ৰত এক সজাগতা সভা আৰু এক সজাগতা ৰেলি বাহিৰ কৰা হয়।