পুণৰ চৰ্চালৈ আহিছে ধলপুখুৰী উন্নয়ন খণ্ডৰ মিলিক বস্তী গাওঁ পঞ্চায়ত।
অভিযোগ কৰিছে ৰামপুৰ ৮ নং ওৱাৰ্ডৰ স্থানীয় ৰাইজে।অভিযোগ আনিছে ধলপুখুৰী উন্নয়ন খণ্ডৰ মিলিক বস্তি গাওঁপঞ্চায়ত সভানেত্ৰী ৰেণুমাই চৌহানৰ বিৰুদ্ধে।এখন সভা পাতি ধনপুখুৰী উন্নয়ন খণ্ডত অৱগত কৰাৰ পাছতো আজিলৈ ৰাস্তাৰ কোনো কাম নকৰাত জিয়াতু ভুগিছে কণ কণ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে।উক্ত পথেৰেই নিতৌ আহ-জাহ কৰিব লগা হয় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী।যাব নোৱাৰে এম্বুলেন্স ।এই পথটি শীঘ্ৰে মেৰামতি কৰি দিয়াৰ বাবে আহ্বান জনাইছে ভোক্তভুগী গঞাঁ।