অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ সন্থাৰ যৌথ উদ্যোগত চলি থকা শ্ৰমিক প্ৰাণ ঁ মহেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী আন্ত: বাগিচা ফুটবল টুৰ্ণামেণ্টৰ ২০২২ বৰ্ষৰ চুড়ান্ত খেলখনি খোৱাং চাহ বাগিচাৰ ফুটবল খেলপথাৰত ইং ১৩-১১-২০২২ তাৰিখে খুমটাই চাহ বাগিচা বনাম খোৱাং চাহ বাগিচাৰ ফুটবল দলৰ মাজত হাজাৰ হাজাৰ ক্ৰীড়া প্ৰেমী ৰাইজ ও দৰ্শকৰ উপস্থিতিত অতি সুন্দৰ পৰিবেশত দুয়ো দলৰ মাজত এক উত্তেজনা পূৰ্ণ আৰু তীব্ৰ প্ৰতিদ্বন্দিতাৰে খেল খনি হৈ যায়। খেলত দুয়ো দলে ১-১ গলত সমাপ্ত হোৱাৰ ফলত ট্ৰাইবেকাৰ পদ্ধতিৰে খেলখনি মীমাংসা কৰা হয়। সাময়িক ভাৱে ৫-৪ গলত খুমটাই চাহ বাগিচাই খোৱাং চাহ বাগিচাৰ ফুটবল দলটিক পৰাস্ত কৰি ২০২২ বৰ্ষৰ টুৰ্ণামেণ্টত প্ৰথম বাৰলৈ চেম্পিয়ন হয়। খুমটাই বাগিচাৰ ফুটবল দলৰ হৈ গ'ল দিয়ে ক্ৰমে- সুমিত লাকুৱা, আশিছ লগুণ, প্ৰাঞ্জল চুৰিন, ৰাজু বাতুৰী আৰু বিবেক কিষানে। বিপৰীত দলৰ হৈ ক্ৰমে- সমিৰ কৰ্মকাৰ, দেৱ ৰবিদাস,সোনটো গোৱালা আৰু শিৱম পাতৰে গ'ল প্ৰক্ষেপ কৰে।

     খেলৰ আৰম্ভণিতে শ্ৰমিক প্ৰাণ ঁ মহেন্দ্ৰ নাথ শৰ্মাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ শুভ উদ্ধোধন কৰে তেখেতৰ পুত্ৰ,বোৱাৰী- ননি গোপাল শৰ্মা,বুলু শৰ্মা আৰু অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক - ৰূপেশ গোৱালাই, লগে লগেই দ্বিতীয় কাৰ্যসূচী পতাকা উত্তোলন - তিনিটা পতাকা একেলগে উত্তোলন কৰা হৈ ক্ৰমে - অসম চাহ মজদুৰ সংঘৰ পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি - পৱণ সিং ঘাটোৱাৰ, ভাৰতীয় চাহ সন্থাৰ পতাকা উত্তোলন কৰে মৰাণ শাখা সভাপতি - অপুৰ্ব চুতীয়া আৰু স্পৰ্টচ পতাকা উত্তোলন কৰে টুৰ্ণামেণ্ট কমিটিৰ সম্পাদক- লক্ষেশ্বৰ তাঁতীয়ে।

      দুয়ো দলৰ মাজত মূখ্য অতিথি, বিশিষ্ট অতিথি আৰু সম্মানীয় অতিথি সকলক পৰিচয় কৰাই দিয়া হয়। অসম চাহ মজদুৰ সংঘৰ ৰাজ্যিক সভাপতি- পৱণ সিং ঘাটোৱাৰ মূখ্য অতিথি হিচাপে উপস্থিত থাকি দুয়ো দলক শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই বল কিক কৰি খেল খনি মুকলি কৰে। চুড়ান্ত খেলখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে- অসম চাহ কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদক- ঋষভকলিতা, ভাৰতীয় চাহ সন্থাৰ জন-১ ৰ সহ: সম্পাদক- সিদ্ধাৰ্থ ঘোচ, অসম চাহ কৰ্মচাৰী সংঘ মৰাণ শাখাৰ সভাপতি আৰু সম্পাদক - ৰেৱ ফুকন আৰু মোহিনী মোহন লিগিৰা, অসম চাহ মজদুৰ সংঘৰ নাহৰকটীয়া আৰু নাজিৰা শাখাৰ সভাপতি আৰু সম্পাদক ক্ৰমে - অভিৰাম কুমাৰ, বলৰাম তাঁতী, মহন সিং আৰু প্ৰা: সম্পাদক - উপেন চাহু, আঠাবাৰী,মৰাণ আৰু খুমটাই চাহ বাগিছাৰ কল্যাণ বিষয়া ক্ৰমে - নকুল চাওঁৰা, মণ্টু বাঢ়ৈ আৰু কমল কুৰ্মী, মৰাণ জিলাৰ ক্ৰীড়া সন্থাৰ সংগঠনক তথা সমাজকৰ্মী - শোভিত কুমাৰ চেত্ৰী, সাংবাদিক দ্বয়- দামোদৰ কালিন্দী, প্ৰকাশ কুৰ্মীৰ, আটছা কেন্দ্ৰীয় সমিতিৰ সদস্য- বাবুল চাহু লগতে মৰাণ শাখা সংঘৰ বিষয়- ববীয়া সকল, অসম চাহ জনজাতি ছাত্ৰ সন্থা মৰাণ,মাহমৰা শাখাৰ বিষয়- ববীয়া সকল আৰু আছা সংগঠনৰ বিষয়- ববীয়া সকলো উপস্থিত থাকে।

       খেলৰ শেষত বটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়। সভাত অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ সন্থাৰ যুটীয়া উদ্যোগত প্ৰথম বাৰৰ বাবে ফুটবল একাডেমী আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। 

      চেম্পিয়ন ট্ৰফী লাভ কৰে খুমটাই চাহ বাগিছাৰ ফুটবল দলে, চুড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈ খুমটাই বাগিচাৰ ৰাজু বাতুৰীয়ে। ৰানাৰ্চ আপ খোৱাং চাহ বাগিচাৰ ফুটবল দলটিয়ে গ্ৰহণ কৰে লগতে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ আৰু শ্ৰেষ্ঠ গলৰক্ষক পুৰস্কাৰ লাভ কৰে খোৱাং চাহ বাগিচাৰ ফুটবল দলৰ ক্ৰমে - পদুম বাউৰী, কৃষ্ণ গোৱালা আৰু চেয়াৰমেন ট্ৰফী লাভ কৰে মৰাণ চাহ বাগিচাই।