ঢকুৱাখনাত আজিৰে পৰা আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সোৱণশিৰি আঞ্চলিক শাখাৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ

 (উদুলি-মুদুলি পৰিৱেশ বাটচ'ৰামুখত)

ঢকুৱাখনা জিলা শাখাৰ অন্তৰ্গত তথা পশ্চিম প্ৰান্তত অবস্হিত সোৱণশিৰি আঞ্চলিক শাখাৰ সোৱণশিৰি আঞ্চলিক শাখাৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু গুৰুজনাৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাটচৰামুখ প্ৰাথমিক শাখাত অনুষ্ঠিত হৈছে৷ এক ভক্তিময় পৰিৱেশত প্ৰথম দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে  

স্থানীয় প্ৰাথমিকৰ আই বাপসকলে পূৱাৰ ঊষা কীৰ্তনেৰে।নামঘৰীয়া জোনাৰাম বৰুৱাই বন্তি প্ৰজ্বলন আৰু শৰাই প্ৰতিষ্ঠা কৰখৰ পিছতেই আঞ্চলিক সদস্য ব্ৰজেন শইকীয়াৰ নেতৃত্বত নিবিৰ কীৰ্তন চলে।ইফালে পূৱা ৯ বজাৰ পৰা শৰণ শিবিৰ আয়োজিত হয়।ঢকুৱাখনা জিলা শাখাৰ 

শৰণ সদস্য থানেশ্বৰ বৰাই শৰণাচাৰ্যৰূপে অংশগ্ৰহণ গ্ৰহণ কৰা এই শিবিৰত শতাধিক যুৱক-যুৱতীয়ে শৰণবাণী গ্ৰহণ কৰে।বিয়লি ১.৩০ বজাৰ পৰা শিশু আই মাতৃ সমাৰোহ অনুষ্ঠিত হয়। নিশালৈ অনুষ্ঠিত হয় প্ৰতিনিধি সভা।কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পূৱা গছপুলি ৰোপনৰ পিছতেই ধৰ্ম ধ্বজ্বা উত্তোলন কৰিব সোৱণশিৰি আঞ্চলিক শাখাৰ নৱ নিৰ্বাচিত সভাপতি অমূল্য হাজৰিকাই। পূৱা ৯ বজাত ভাগৱত শোভাযাত্ৰা বাহিৰ কৰাৰ অন্তত যুৱ সমাৰোহ আৰু সাহিত্য সমাৰোহ অনুষ্ঠিত হ'ব।অন্তিম দিনা মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু ঢকুৱাখনাৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিবহি বুলি আদৰণি সমিতিৰ সম্পাদক থানেশ্বৰ চুতীয়াই জানিবলৈ আজি জানিবলৈ দিয়ে।