অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় চতুৰ্থ দ্বি বাৰ্ষিক অধিৱেশন‌ খনি অহা ১৮ , ১৯ আৰু ২০ নবেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাজিৰাৰ মেকিপুৰত প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব । আজি অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত অভ্যৰ্থনা সমিতিয়ে এখনি সংবাদমেল আয়োজন কৰে । অধিৱেশনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ বিষয়ে সংবাদমেলত অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰহ্লাদ গোৱালাই ১৮ ,১৯ আৰু ২০ নবেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে নাজিৰাৰ মেকিপুৰত অনুস্থিত হ'বলগীয়া কেন্দ্ৰীয় চতুৰ্থ দ্বি - বাৰ্ষিক অধিৱেশনতেই প্ৰদান কৰা হ'ব চম্পা চাবিৰাম তাঁতী প্ৰেৰণা বঁটা।এই অধিৱেশনৰ মুকলি সভাত উপস্হিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীয়ো মন্ত্ৰী , বিধায়ক আৰু ভালেকেইজন সাহিত্যিক । অধিৱেশন স্থলীতে উন্মোচন হ'ব কেইবাখনো কবিতা পুথি,উপন্যাসৰ লগতে কেইবাখনো গ্ৰন্থ।ইয়াৰ উপৰিও অধিৱেশনৰ বাকৰিতেই অনুস্থিত হ'ব এখন " সেউজ " গ্ৰন্থমেলা । সুশীলা ৰাজবংশীৰ " প্ৰেম হেনু এনেকুৱা , ৰেণু গোৱালাৰ শিশু উপন্যাস " যন্ত্ৰণাকআতৰ চিঞৰ " , ৰবীন বৰঠাকুৰৰ " নামকাটা " শীৰ্ষক উপন্যাসকে ধৰি স্মৃতিগ্ৰন্থ " জ্ঞান গংগা " অধিৱেশন স্থলীতে উন্মোচন কৰা হ'ব । সংবাদমেলত অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰহ্লাদ গোৱালা , সম্পাদক বৰুণ ৰাজোৱাৰ , দেবেন ৰবিদাস , ৰেণু গোৱালা , বলোৰাম কুৰ্মী আদিকে ধৰি ভালেকেইজন বিষয় - ববীয়াই অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত বহুল ব্যাখ্যা দাঙি ধৰে ।