ৰহা সৰাগাওঁ নিবাসী লেখক,শিক্ষক লক্ষীপ্ৰসাদ ডেকাক তেওঁৰ "জীৱনৰ কেঁকুৰিয়ে কেঁকুৰিয়ে" নামৰ কাব্যগ্ৰন্থ ৰ বাবে "শব্দশিল্প" বঁটা ৰ বাবে নিৰ্বাচিত হৈছে।
বৰ্ষ ২০২২ত পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠী ৰ তৰফৰ পৰা অনুষ্ঠিত হোবা কাব্যগ্ৰন্থ প্ৰতিযোগিতা ৰ ফলাফল আজি এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে ঘোষণা কৰা হয়।
পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠী ৰ সভাপতি নয়ন মেধি,সম্পাদক নিতুমনি দাস আৰু সমন্বয়ক সঞ্জীৱ সাগৰ দাসৰ দ্বাৰা আজিএক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে ঘোষণা কৰা প্ৰতিযোগিতাৰ ফলাফল ত ৰহা সৰা গাওঁ নিবাসী লেখক,শিক্ষক লক্ষীপ্ৰসাদ ডেকা লৈ তেওঁৰ জীৱনৰ কেঁকুৰিয়ে কেঁকুৰিয়ে নামৰ কাব্যগ্ৰন্থ ৰ বাবে "শব্দশিল্প"বঁটা ৰ বাবে নিৰ্বাচিত কৰাৰ লগতে ড° ৰূপা ডেকা পাটৰলৈ তেওঁৰ "প্ৰিয়তমা"কাব্যগ্ৰন্থ ৰ বাবে "পদ্মপ্ৰিয়া সাহিত্য "বঁটা,মনীষা শৰ্মালৈ তেওঁৰ "কথোপকথন"কাব্যগ্ৰন্থ ৰ বাবে শব্দশিল্প বঁটা,অলকা বুজৰবৰুবালৈ তেওঁৰ "সূৰ্যস্নাতা"কাব্যগ্ৰন্থ ৰ বাবে আৰু অঞ্জনা গগৈলৈ তেওঁৰ "হ্দয় এক নুবুজা সাঁথৰ"নামৰ কাব্যগ্ৰন্থ ৰ বাবে শব্দসৌৰব বঁটা প্ৰদান কৰা হব।অহা ১১ ফেব্ৰুৱাৰী ত সৰুপেটাৰ বি.এইচ.বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত প্ৰেক্ষাগৃহ ত এই বঁটা সমুহ প্ৰদান কৰা হব।