সোণাৰি হাজী অচিমুদ্দিন একাডেমিত জোনাকী মেল অনুষ্ঠিত

সোণাৰিৰ অগ্ৰণী শিক্ষানুষ্ঠান  হাজী অচিমুদ্দিন মিচন একেডেমিত যোৱা নিশা জোনাকী মেল অনুষ্ঠিত হয় । বিদ‍্যালয়ৰ পৰিয়ালৰ উদ্যোগত, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগত অনুষ্ঠিত জোনাকী মেলত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু বিশিষ্ট লেখক কবিতা আবৃতিকাৰ সোণাৰি মহাবিদ্যালয়ৰ অধ‍্যাপীকা ডঃ ৰিতা দত্ত । বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অসমৰ জাতীয় জীৱনৰ জোনাকী পথৰ সন্ধান দিওঁতা , সাংস্কৃতিক কান্ডাৰী পুৰুষ পাৰ্বতী প্ৰসাদ বৰুৱা দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁ চমু জীৱনী আলোকপাত কৰে। এই জোনাকী মেলত উপস্থিত থাকে অৱসৰ প্ৰাপ্ত বিষয় শিক্ষক মনি গগৈ, জেষ্ঠ অধিবক্তা জাকিৰ হুছেইন, সাংস্কৃতিক কৰ্মী ডিম্বেশ্বৰ কোঁৱৰৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তি উপস্থিত থকাৰ উপৰিও ভালে সংখ্যক ছাত্ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। এই অনুষ্ঠানত ছাত্র ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীয়ে বিভিন্ন ধৰণৰ গীত নৃত‍্য কবিতা আবৃতি উপস্থাপন কৰা পৰিলক্ষিত হয়।