নলবাৰী জিলাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সমাজকৰ্মী অনিল মহন্তৰ আজি দুপৰীয়া জিলাখনৰ বালিলেচাৰ গৃহত মৃত্যু হয়৷  মৃৃত্যুৰ সময়ত তেওঁৰ বয়স ৫৫ বছৰ আছিল৷ বহুদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত মহন্তই বহুতো চিকিৎসালয়ত চিকিৎসা কৰি অৱশেষত নিজ গৃহৰ বিচনা খনকে সাৰথি কৰিব লগা হৈছিল৷আজি দুপৰীয়া তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অজস্ৰ গুনমুগ্ধই শেষ শ্ৰদ্ধা জনাই৷

এদিন ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই সামাজিক কামকাজত জৰিত হৈ পৰা মহন্তই পৰবৰ্তী সময়ত বৰ্ষিয়ান কংগ্ৰেছ নেতা ডা° ভূমিধৰ বৰ্মনৰ সান্নিধ্যত কংগ্ৰেছ দলৰ কামকাজ কৰিবলৈ লয়৷আজি নেতাজনৰ মৃত্যুত নলবাৰী দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে৷মৃত্যুৰ সময়ত তেওঁ পত্নী সহ এগৰাকী পুত্ৰ সন্তানৰ লগতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷৷