ইংলেণ্ডৰ বাৰ্মিংহামত চলি থকা কমনৱেল্থ গেমছত আজি ট্ৰেকত নামিব ধিং এক্সপ্ৰেছখ্যাত হিমা দাস। যুৱ এথলীটগৰাকীয়ে ২০০ মিটাৰ দৌৰত অংশ ল’ব।

বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব হিমা দাসৰ খেল। দেশবাসীৰ দৃষ্টি নিবদ্ধ থাকিব ধিং এক্সপ্ৰেছ হিমা দাসৰ ওপৰত। 

অলিম্পিক পদকজয়ী লাভলিন বৰগোহাঁইয়ে আশাহত কৰাৰ পিছত হিমাৰ পৰা এটা পদক আহিব বুলি এতিয়া অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীয়ে আশা কৰিছে।