কামৰূপ জিলাৰ ঐতিহাসিক বালিসত্ৰ সৎসংগী সত্ৰত আজি দিনৰ ভাগত উত্তৰ হাজো জ্যেষ্ঠ নাগৰিক মঞ্চ আৰু বালিসত্ৰ সৎসংগী সত্ৰ পৰিচালনা সমিতিৰ সৌজন্যত সাহিত্যিক প্ৰবীন চন্দ্ৰ দাসে প্ৰনয়ন কৰা ইতিহাস সম্বলিত গ্ৰন্থ " বালিতে বান্ধিলা বাহা " আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। গ্ৰন্থখন উন্মোচন কৰে অসমৰ স্বনামধন্য গবেষক পণ্ডিত, কবি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপচাৰ্য্য ড° অমৰজ্যোতি চৌধুৰীয়ে। গ্ৰন্থ উন্মোচন কৰি শিক্ষাবিদ গৰাকীয়ে কয় যে বালিসত্ৰৰ এটা ঐতিহাসিক ভূমিকা আছে।

এই সত্ৰখনে অঞ্চললৈ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে, এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি আহিছে। বিশিষ্ট জেষ্ঠ সমাজসেৱক দ্বীজেন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভিখনত বালিসত্ৰ সৎসংগী সত্ৰৰ সত্ৰাধিকাৰ ৰবিন্দ্ৰ নাথ গোস্বামী , বিশিষ্ট লেখক পবিত্ৰ কুমাৰ কলিতা , কামৰূপ জিলা সাংবাদিক সন্ঠাৰ সম্পাদক তৰণীচৰণ কলিতাকে ধৰি কেইবাজনো লোকে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে । উন্মোচনী সভিখনত কেইবাটাও গীত মাতেৰে আকৰ্ষণীয় কৰি তুলিছিল ।