নলবাৰী চহৰস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰত সাতৰ পৰা ১৯ নবেম্বৰলৈ তেৰদিনীয়াকৈ ৰাস মহোৎসৱ আৰম্ভ হৈছে৷ৰাস মহোৎসৱ উপলক্ষে সমগ্ৰ নলবাৰী চহৰকে জাকজমকতাৰে উজ্বলাই তোলা হৈছে৷ইয়াৰ মাজতে বিশেষকৈ চৰ্চালৈ আহিছে চেলফি পইন্টটো৷

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

কিয়নো হিন্দু দেৱদেৱীৰ ফটো সন্বলিত চেল্ফী তোলাকলৈ ক্ষুন্ন হৈ পৰিছে বজৰংগ দল, নলবাৰী জিলা সমিতি৷সংগঠনটোৱে গোহাৰি আকাৰে ৰাইজক আহ্বান জনাইছে যে হিন্দুৰ আৰাধ্য দেৱদেৱীৰ ফটো সম্বলিত চেল্ফী পইন্টত চেল্ফী লৈ দেৱদেৱী সমূহৰ লগত বাহুবলী কৰাৰ পৰা বিৰত থাকক৷এনে কাৰ্যৰ দ্বাৰা সনাতনী হিন্দু সংস্কৃতিক বিকৃত কৰণ কৰা হৈছে৷ সেয়েহে এনেকুৱা কাৰ্য্য অনতিপলমে বন্ধ কৰিবলৈ সূচনা দিয়ে বজৰংগ দলৰ নেতৃত্বই৷