শিৱসাগৰঃ ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ অবিৰত প্ৰয়াস শীৰ্ষক অসম চৰকাৰৰ "বিকাশ যাত্ৰা"ৰ অংশস্বৰূপে আজি নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাইদেউ মৈদাম ক্ষেত্ৰ আৰু মেকিপুৰ পূজা ফিল্ডত অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডা: ৰনোজ পেগু উপস্থিত থাকি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰে। এই প্ৰকল্পসমূহে শিক্ষাৰ ক্ষেত্রত নতুন বাট মুকলি কৰাৰ লগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। আজিৰ এই বিকাশ যাত্ৰাৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লেঙিবৰ চাহ বাগিচা বিদ্যালয়ৰ নতুন ভৱন, দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, লক্ষ্মীজান চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ নতুন ভৱন, হাতীপট্টি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস স্থাপন কৰে । আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়া, সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, অসম চৰকাৰৰ আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জাহ্নৱী গোস্বামী, নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, সহকাৰী আয়ুক্ত উপাসনা বৰা, শিৱসাগৰ আৰু নাজিৰা মহকুমা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল, নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মীসকল আৰু গৰিষ্ঠ সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে । মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ কলেজ খেলপথাৰত অনুষ্ঠিত 'বিকাশ যাত্ৰাৰ' আন এক অনুষ্ঠানত শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস স্থাপন কৰে ৷ এই অনুষ্ঠানত জিলা প্ৰশাসনৰ অন্যান্য বিষয়ববীয়াৰ লগতে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃণালী কোঁৱৰ, শিৱসাগৰ পৌৰসভাৰ উপ-সভাপতি সঞ্জীৱ বৰা আদি উপস্থিত থাকে ৷