আৰক্ষী যিমানে সক্ৰিয় হৈছে সিমানে গৰুৰ চোৰাং ব্যৱসায়ীয়ে কৌশল সলনি কৰি ব্যৱসায় চলাই আহিছে৷ নগাঁৱত গৰু চোৰাং ব্যৱসায়ীয়ে ব্যাপক হাৰত অবাধে চলাই আহিছে চোৰাং ব্যৱসায়৷

বুধবাৰে সন্ধিয়া এখন ট্ৰেভেলাৰত চোৰাং গৰুৰ সৈতে এজন লোকক আৰক্ষীয়ে কৰায়ত্ব কৰে বৰঘাট আৰক্ষীয়ে৷ এএছ-০১এফচি-৬৩৬৭ নম্বৰৰ ট্ৰেভেলাৰ গাড়ীখনত ১৭ টাকৈ গৰু লৈ যোৰাবাটলৈ লৈ গৈ থকাৰ সময়ত বৰঘাট পহৰা চকীৰ আৰক্ষীয়ে গাড়ীখন জব্দ কৰে৷

আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত গাড়ী চালক জনে পলায়ন কৰে৷ আৰক্ষীয়ে আখটাৰ উদ্দিন নামৰ এজন লোকক কৰায়ত্ব কৰে৷ কৰায়ত্ব কৰা আখটাৰ উদ্দিনক আৰক্ষীয়ে বৰঘাটত সোধপোচ চলাই আছে৷

জানিব পৰা মতে যাত্ৰীবাহী ট্ৰেভেলাৰ খনৰ আসন সমূহ আতৰাই চামগুৰিৰ গেৰুৱাআটিৰ পৰা গৰু সমূহ যোৰাবাটলৈ বুলি সৰবৰাহ কৰা হৈছিল৷