চৰাইদেউ জিলাৰ কাকতিবাৰীত অনুষ্ঠিত কাকতিবাৰী ৰাস মহোৎসৱত বুধবাৰে নিশা অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ। কাকতিবাৰী ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ৰাইজক উদ্দেশ্য নিজৰ বক্তব্য দাঙি ধৰাৰ লগতে ধাৰাবাহিকতা ৰক্ষা কৰি ৰাস মহোৎসৱ আয়োজন কৰা উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে কাকতিবাৰী আঞ্চলিক ৰাস মহোৎসৱে এইবাৰ ৮৭ সংখ্যক বর্ষ অতিক্ৰম কৰে।