ওদলগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ

উপায়ুক্ত ডা° চাদনেক সিঙৰ সংবাদমেল সম্বোধন

আজি ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটো‌‌যুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ উপায়ুক্ত ডা° চাদনেকি সিঙে এখন সংবাদমেল সম্বোধন কৰি খচৰা ভোটাৰ তালিকাত জিলা খনৰ পানেৰী, ওদালগুৰি আৰু মাজবাট বিধান সভা সমষ্টিৰ মুঠ ৪,৮৯,৫৭০ গৰাকী ভোটাৰৰ নাম সন্নিবিষ্ট হোৱা বুলি জানিব দিয়ে। ইয়াৰে ১৫৯৪০৬ গৰাকী পানেৰী,১৬২৮৮১ গৰাকী ওদালগুৰি আৰু ১৬৭২৮০ গৰাকী মাজবাট বিধানসভাৰ সমষ্টিৰ ভোটাৰ বুলি উপায়ক্ত গৰাকীয়ে সংবাদমেল যোগে সদৰি কৰে। আনহাতে খচৰা তালিকাৰ তথ্য অনুসৰি এইবাৰ জিলা খনত পূৰ্বৰ তুলনাত ৯.৭৯শতাংশ ভোটাৰ বৃদ্ধি হৈছে।ইয়াৰ ভিতৰত পানেৰীত ৯.২০ শতাংশ,ওদালগুৰিত ৯.৩৮ শতাংশ আৰু মাজবাট সমষ্টিত সৰ্বাধিক ২.৫০ শতাংশ ভোটাৰ বৃদ্ধি পাইছে।