চৰাইদেউ জিলাৰ বৰুৱাচালি মৌজাৰ অন্তৰ্গত ভূঞাখাট গাঁৱত অৱস্থিত পাঁচখন গাঁৱৰ ২০০০ বিঘা মাটিৰ খেতিৰ বাবে জলসিঞ্চন ব্যৱস্থা প্ৰায় জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে।

স্থানীয় কৃষক ৰাইজে বাৰংবাৰ বিভাগীয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিও কোনো সুফল পোৱা নাই।

অৰ্ধ নিৰ্মিত জলসিঞ্চন প্ৰকল্পটো জহি খহি যোৱাৰ উপৰিও বিভিন্ন সা সৰঞ্জাম চোৰে চুৰি কৰি লৈ গৈছে । এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই।

২০১৩-১৪ চনতে কৃষি বিভাগৰ তৰফৰ পৰা মুম্বাই নাবাৰ্ড বেংকৰ যোগেদি ৩ কোটি ৬০ লাখ টকা আৱন্তিত হৈছি।

ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ দুৰ্নীতি আৰু হেমাহীৰ ফলত আজি পৰ্যন্ত কৃষক ৰাইজে পানী যোগান লাভ কৰিবলৈ সক্ষম নহল।

এই ক্ষেত্ৰত ৫ খন গাঁৱৰ খেতিয়ক ৰাইজৰ ২ হেজাৰ বিঘা  খেতিৰ মাটিলৈ সংকট নামি আহিছে।

কুম্ভকৰ্ণৰ নিদ্ৰাত শুই থকা জলসিঞ্চন বিভাগটোক ৰাইজে কেইবাবাৰো জগাব বিচৰাতো সাৰ পোৱা নাই। কৃষক ৰাইজৰ দুৰ্দশাৰ কথা শুনিব নে বিভাগীয় কৰ্তৃপক্ষই ? এয়াই কৃষক ৰাইজৰ প্ৰশ্ন।