১ জানুৱাৰী, ২০২৩ বৰ্ষক ভিত্তি বৰ্ষ হিচাপে লৈ সমগ্ৰ দেশৰ লগতে নাজিৰা নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০৪ নং নাজিৰা বিধান সভা সমষ্টিতো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত পুনঃনিৰীক্ষণৰ প্ৰক্ৰিয়া ৯ নৱেম্বৰ, ২০২২ তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে। ইয়াৰে লগত সংগতি ৰাখি আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি আয়ুষী জৈনৰ পৌৰহিত্যত ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ সন্দৰ্ভত এখন সংবাদ মেল অনুষ্ঠিত কৰা হয়।
আজি ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ দিন লৈকে ১০৪ নং নাজিৰা বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হল ১,৩৬,৪৩৮ জন , তাৰে পুৰুষ ভোটাৰ ৬৭,৯৭৪ জন আৰু মহিলা ভোটাৰ ৬৮,৪৬৪ গৰাক। পূৰ্বৰ ভোটাৰৰ সংখ্যা ১,৩৫,৩৩১ জনতকৈ বৰ্তমানৰ ভোটাৰৰ সংখ্যা ১০৭ জন (০.০৭%) বৃদ্ধি হৈছে।
ফটোযুক্ত খচৰা ভোটাৰ তালিকা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ লগতে প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত প্ৰকাশ কৰা হৈছে। ৯ নৱেম্বৰ, ২০২২ পৰা ৮ ডিচেম্বৰ, ২০২২ লৈকে ভোটাৰ সকলে নিজৰ দাবী আপত্তি সমূহ সেই এলেকাৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহত নিয়োজিত হৈ থকা বুথ পৰ্যায়ৰ বিষয়াৰ যোগেদি নাইবা nvsp.in নাইবা ভোটাৰ হেপ্ল লাইন মবাইল এপৰ যোগেদি অনলাইন প্ৰক্ৰিয়াৰে নাম ভৰ্ত্তি কৰাৰ সুযোগ লাভ কৰিব পাৰিব।
উল্লেখযোগ্য যে, ভোটাৰ ৰাইজে ৬ নং প্ৰ - পত্ৰ জৰিয়তে ভোটাৰ তালিকাত নাম ভৰ্ত্তি, ৭ নং প্র - পত্ৰ যোগেদি মৃত্যু / স্থায়ীভাৱে স্থানান্তৰিত / ইতিমধ্যে অন্তৰ্ভুক্ত হৈ থকা নাম কৰ্তন কৰিব পাৰিব, প্ৰ- পত্ৰ ৮ নং যোগেদি বাসস্থান বদলিকৰণ/ বৰ্তমানৰ ভোটাৰ তালিকাৰ তথ্য শুধৰণি / ভোটাৰ কাৰ্ডৰ নতুন আবেদন ( হেৰাই যোৱা/ নষ্ট হৈ যোৱা)/ দিব্যাংগৰ চিহ্নিতকৰণ আদি কৰিব পাৰিব, প্ৰ - পত্ৰ নং ৬বি ৰ যোগেদি ভোটাৰ ফটো পৰিচয় পত্ৰৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰিব পাৰিব।
ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা অহা ৫ জানুৱাৰী , ২০২৩ তাৰিখে প্ৰকাশ পাব।
তদুপৰি মহকুমাধিপতিয়ে জনাই যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে এতিয়াৰে পৰা চাৰিটা ভিত্তি বৰ্ষত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত পুনঃনিৰীক্ষণ পক্ৰিয়া আৰম্ভ হব যেনে- ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ সম্পূৰ্ণ হোৱা সকলো ব্যক্তিৰ ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰিব পাৰিব ।
আজিৰ এই সংবাদমেলত নাজিৰা নিৰ্বাচনী বিষয়া অংশুলেখা দত্ত পাঠক, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মী সকল, ১০৪ নং নাজিৰা বিধান সভা সমষ্টিৰ সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া সকলৰ লগতে নিৰ্বাচনী বিভাগৰ কৰ্মচাৰী সকল উপস্থিত থাকে।