আৰ্থিকভাৱে দুৰ্বল , ৰোগীয়া গণপত ঠাকুৰলৈ সহায়ৰ হাত সীমা চাংমাইৰ ৷ যোৱা তিনিবছৰ ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ দিকবিদিক হেৰুৱাই পেলাইছে নাপিত গণপত ঠাকুৰে ৷ পৰিয়ালৰ মূল উপাৰ্জনকাৰী গণপত ঠাকুৰ এনেদৰে তিনি বছৰ ধৰি ৰোগাক্ৰান্ত হৈ থকাত পৰিয়ালটো ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷ আজি শলগুৰি টিপমীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী সীমা চাংমাইয়ে ৰোগীয়া গণপত ঠাকুৰৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য আগবঢ়ায় ৷ পঞ্চায়ত সভানেত্ৰী সীমা চাংমাই আজি কৰঙানী চাহ বাগিচাস্থিত গণপত ঠাকুৰৰ ঘৰলৈ গৈ এই সাহাৰ্য আগবঢ়ায় ৷ পঞ্চায়ত সভানেত্ৰীগৰাকীক সংগ দিয়ে বিজেপি নেতা বিষ্ণু কোঁচ , মাণিক চুতীয়া , দিগন্ত কাকতী আদিয়ে ৷ সাহাৰ্য লাভ কৰি দুৰ্ভগীয়া পৰিয়ালটোৱে পঞ্চায়ত সভানেত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷
আৰ্থিকভাৱে দুৰ্বল, ৰোগীয়া গণপত ঠাকুৰলৈ সহায়ৰ হাত শলগুৰি টিপমীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী সীমা চাংমাইৰ
![](https://i.ytimg.com/vi/KVjfnE-hUeI/hqdefault.jpg)