বেচৰকাৰী সংস্থা WARRIORS সোণাৰি আঞ্চলিক সমিতিৰ উদ্যোগত সোণাৰিৰ অভয়পুৰ ৰঙাপথাৰ প্ৰেক্ষাগৃহত সজাগতা সভা সম্পন্ন।উক্ত সভাত প্ৰায় শতাধিক স্থানীয় পুৰুষ আৰু মহিলাই অংশগ্ৰহণ কৰে। উক্ত সজাগতা সভাত ৱাৰিঅৰ্চ সোণাৰি আঞ্চলিকৰ আমন্ত্ৰণ ক্ৰমে আইন সেৱা প্ৰাধীকৰণৰ দুজনকৈ পৰামৰ্শ দাতা উপস্থিত থাকে ।
সোণাৰি আঞ্চলিক সমিতিৰ সভানেত্ৰী ঋজুমণি কোঁৱৰে আঁত ধৰা সভা খনৰ সভাপতিত্ব কৰে চৰাইদেউ জিলাৰ সম্পাদিকা তৰু ডি বড়াই । সভানেত্ৰীৰ আসন গ্ৰহণৰ পিছত উদ্দেশ্য ব্যাখ্যাত ঋজুমণি কোঁৱৰে ৱাৰিঅৰ্চৰ বিষয়ে উপস্থিত লোক সকলক বুজাই কয় লগতে আইন নজনাৰ বাবে মহিলা সকলে নানান সমস্যাৰ সন্মুখীন হব লগা হয় বাবে আইন সেৱা প্ৰাধিকৰণৰ পৰামৰ্শ দাতাক আমন্ত্ৰণ কৰি অনা কথা অৱগত কৰে ।
আইন সেৱা প্ৰাধিকৰণৰ পৰামৰ্শ দাতা কৃষ্ণ কোঁৱৰ আৰু ববী হাতীমুৰীয়াই উপস্হিত ৰাইজক বিনামূলীয়াকৈ পাব পৰা আইনৰ সুবিধাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।ইয়াৰ পাছতে অনুষ্ঠিত প্ৰশ্নোত্তৰ শিতানত উপস্থিত ভুক্তভোগী মহিলাই নিজৰ সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ সুবিধা লাভ কৰে। সভাৰ মাজে মাজে বিগত বৰ্ষত ৰক্তদান কৰা ৰঙাপথাৰ অঞ্চলৰ ৰক্তদাতা সকলক সম্বৰ্ধনা জনোৱা হয় ।
উক্ত সজাগতা সভাতে কেইবা গৰাকী মহিলাই ৱাৰিঅৰ্চত যোগদান কৰে।