দেওমৰনৈৰ নিকটৱৰ্ত্তী হাপামাৰাত কন্ঠ শিল্পী তপন কলিতাৰ শ্ৰাব্য গীতৰ এলবাম "বিচৰা মৰম" উন্মোচন

হাপামাৰাত কন্ঠ শিল্পী তপন কলিতাৰ শ্ৰাব্য গীতৰ এলবাম "বিচৰা মৰম" উন্মোচন কৰা হয় । হাপামাৰাত আৰোহণ সংগীত মহাবিদ্যালয়ৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি হাপামাৰা কৃষক কল্যাণ সংঘ প্ৰাঙ্গণত অনুষ্ঠিত কৰা সাংস্কৃতিক সমাৰোহৰ মঞ্চত  বিষয় শিক্ষক তথা বিশিষ্ট কন্ঠ শিল্পী তপন কলিতাৰ বিচৰা মৰম শীৰ্ষক শ্ৰাব্য গীতৰ এলবামটো উন্মোচন কৰে সংগীত শিল্পী নৃপেন চহৰীয়াই।

উক্ত শ্ৰাব্য গীতৰ এলবাম উন্মোচনী অনুষ্ঠানত প্ৰবীণ লোক শিল্পী ভদ্ৰকান্ত নাথ আৰু আৰোহণ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰ জ্যোতি শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও শিল্পী তথা বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।