বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কোটালকুছি শ্ৰীশ্ৰী জয়জগন্নাথ মন্দিৰৰ দ্বি-শতবাৰ্ষিকী সমাৰোহ যোৱা দেওঁবাৰৰ পৰা আজিলৈকে তিনিদিনীয়া বৰ্ণাধ্য কাৰ্য্যসূচীৰে উদযাপন কৰিছে৷ উল্লেখ্য যে উক্ত দ্বি-শতবাৰ্ষিকী সমাৰোহৰ লগত সংগতি ৰাখি উনবিংশ সংখ্যাক শ্ৰীশ্ৰী শতচণ্ডী যজ্ঞৰো আয়োজন কৰিছে৷ আজি যজ্ঞৰ পূৰ্ণাহুতি৷ আজিৰ পূৰ্ণাহুতি অনুষ্ঠানত অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়৷

জানিব পৰামতে বিগত দিনকেইটাতো ৰাইজৰ বিপূল সমাবেশ হৈছে৷ইতিমধ্যে দ্বি-শতবাৰ্ষিকী সমাৰোহৰ লগত সংগতি ৰাখি প্ৰতিটো দিনে বিভিন্ন আমোদজনক কাৰ্য্যসূচী অনুষ্ঠিত কৰি ৰাইজক আপ্লুত কৰিছে৷