তথ্য অনুসৰি,ঝাৰখণ্ডৰ পৰা অহা এখন কয়লা ভৰ্তি সামগ্ৰী ৰেল ইছলামপুৰ-ফতুহা ৰেল ছেকচনৰ মাজেৰে পাৰ হৈ আছিল।তাৰ পিছত একনগৰশৰাই ষ্টেচনৰ সমীপত সামগ্ৰী ৰেলখনৰ ৯ খন ডবা ৰেলপথৰ পৰা ওলাই যায়।দুৰ্ঘটনাৰ পিছত অলপ সময়ৰ পিছতে স্থানীয় ৰাইজৰ এক বিশাল জনসমাগম সেই স্থানত সমবেত হয়। একাংশ যুৱকে ৰেলপথৰ পৰা ওলাই অহা ডবাত উঠি চেলফি তুলিবলৈ আৰম্ভ কৰে আৰু বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু হয়।মৃত যুৱকজন কোছিয়াৱান গাঁৱৰ বাসিন্দা সুৰজ কুমাৰ (২২) বুলি চিনাক্ত কৰা হৈছে।

⏩বিদ্যুৎস্পৃষ্ট হৈ আন এজন লোক গুৰুতৰভাৱে জুইত জাহ যায়।তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷আহতজন ঘেৰীয়া বিঘা গাঁৱৰ বাসিন্দা ছোতু কুমাৰ বুলি চিনাক্ত কৰা হৈছে।স্থানত উপস্থিত থকা লোকসকলে ভিডিঅ'টো তেওঁলোকৰ মোবাইলত বন্দী কৰে I এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।