সোণাৰিত বুজন পৰিমাণৰ ড্ৰাগছসহ ড্ৰাগছৰ ঘাটি উৎখাত। 

সোণাৰি আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ অভিযানত উৎখাত হ'ল এটা ড্ৰাগছৰ ঘাটি উৎখাত। সোণাৰি আৰক্ষীয়ছ বুজন পৰিমাণৰ ড্ৰাগছসহ নগদ ধন জব্দ কৰাৰ লগতে আটক কৰিলে ৯ জনক। গোপন তথ্যৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে চলাইছিল এই অভিযান। সোণাৰি স্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ গোবিন্দপুৰ পথত আৰক্ষীৰ অভিযান।

আৰক্ষীয়ে আটক কৰা যুৱককেইজন হ'ল বিশ্বজিৎ দাস, পল্লৱ সেৱক, কিশোৰ গগৈ, ৰূপজ্যোতি কোঁৱৰ, মুজাকিৰ হুছেইন, পবিত্ৰ গঞ্জু, বিশাল ভুঁই, কিষাণ প্ৰসাদ, চনু গঞ্জু। সম্প্ৰতি আটাইকে সোণাৰি আৰক্ষী থানাত সুধপোছ অব্যাহত ৰাখিছে।