বুধবাৰে হাৰিয়ানাত সংঘটিত হৈছে আন এক মৰ্মান্তিক ঘটনা ৷ বাহাদুৰগড়ৰ এৰোফ্লেছ চিলিং মেটেৰিয়েল মেনুফেক্সাৰিং নামৰ এটা কাৰখানাত শ্ৰমিকসকলে টেংক পৰিস্কাৰ কৰি থকাৰ অৱস্থাত বিষাক্ত মিথেন গেছ নিৰ্গত হয় ৷ ফলত লগে লগে সংজ্ঞাহীন হৈ পৰে টেংক পৰিস্কাৰ কৰি থকা 6 জন শ্ৰমিক ৷
ততালিকে সহকৰ্মীয়ে সংজ্ঞাহীন শ্ৰমিক কেইজনক ততাতৈয়াকৈ বাহাদুৰগড়ৰ জীৱন জ্যোতি চিকিৎসালয়ত ভৰ্তি কৰে ৷ চিকিৎসালয়তে 4 জন শ্ৰমিক থিতাতে নিহত হোৱাৰ বিপৰীতে দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় ।মৃত্যু হোৱা শ্ৰমিককেইজন উত্তৰ প্ৰদেশৰ কিহাৰাৰ ৰাজবীৰ, নৱাবগঞ্জৰ মাদিৰাপুৰৰ অজয় কুমাৰ, শ্বাহজাহানপুৰ জিলাৰ জগতপাল আৰু বাৰাবাঁকীৰ প্ৰকাশ বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে সংকটজনক অৱস্থাত ভৰ্তি হৈ থকা শ্ৰমিক দুজন উত্তৰ প্ৰদেশৰ মায়ংক আৰু বিকাশ বুলি জানিব পৰা গৈছে ৷ বৰ্তমান দুয়োজন শ্ৰমিকক আই চি ইউত চিকিৎসা প্ৰদান কৰি থকা হৈছে। <span;>এই ঘটনাৰ পিছতে ঝাজ্জৰ জিলা উপায়ুক্ত শক্তি সিং আৰু আৰক্ষী অধীক্ষক ৱাছিম আক্ৰাম ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰিক্ষণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশনা প্ৰদান কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কাৰখানাটোৰ টেংকটো দীৰ্ঘদিন ধৰি পৰিষ্কাৰ নকৰাৰ ফলত আৱৰ্জনা জমা হৈ তাত মিথেন গেছৰ সৃষ্টি হয় ৷ এই বিষাক্ত মিথেন গেছ নিৰ্গত হোৱাৰ ফলতে শ্ৰমিককেইজনে এইদৰে মৃত্যুক আকোৱালি ল‘ব লগা হয় ৷ ইতিমধ্যেই এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ এক বিশেষ দল গঠন কৰি দিয়া হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
30 Lakh ઉપરાંત નો મુદ્દામાલ કબ્જે કરી English Daaru નો કેસ પોલીસ એ શોધી કાઢ્યો
30 Lakh ઉપરાંત નો મુદ્દામાલ કબ્જે કરી English Daaru નો કેસ પોલીસ એ શોધી કાઢ્યો
Uttarkashi Tunnel Rescue Updates: ऋषिकेश AIIMS में होगा सभी मजदूरों का चेकअप, भेजा गया चॉपर | Latest
Uttarkashi Tunnel Rescue Updates: ऋषिकेश AIIMS में होगा सभी मजदूरों का चेकअप, भेजा गया चॉपर | Latest
परिणाम से पहले वैभव गहलोत की हार-जीत को लेकर बड़ी खबर
लोकसभा चुनाव 2024 के परिणाम 4 जून को घोषित होंगे। लेकिन परिणाम से पहले राजस्थान की सभी 25...
Akhilesh Yadav ने Congress पर बोला हमला, कहा- वोटों के लिए जाति जनगणना कराना चाहती है कांग्रेस
Akhilesh Yadav ने Congress पर बोला हमला, कहा- वोटों के लिए जाति जनगणना कराना चाहती है कांग्रेस