দেওমৰনৈৰ হাপামাৰাত অনুষ্ঠিত "ভইচ অফ্ আৰোহণ" শীৰ্ষক সংগীত প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰক্তিমা পৰাশৰ

 দেওমৰনৈৰ পাৰ্শ্বৱৰ্তী হাপামাৰাত আৰোহণ সংগীত  মহাবিদ্যালয়ৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সাংস্কৃতিক সমাৰোহখনি ৫ আৰু ৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।  হাপামাৰা কৃষক কল্যাণ সংঘ প্ৰাঙ্গণত আৰোহণ সংগীত মহাবিদ্যালয়ৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় " ভইচ অফ আৰোহণ" শীৰ্ষক লোক সংগীত আৰু লঘু সংগীতৰ এলানি প্ৰতিযোগিতা। প্ৰতিযোগিতাত দৰং আৰু ওদালগুৰি জিলাৰ প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। উক্ত ভইচ অফ্ আৰোহণ শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল অনুসৰি ৰক্তিমা পৰাশৰ প্ৰথম, কংকনা কলিতা দ্বিতীয়,তনয়া শইকীয়া তৃতীয়, উদ্দীপনা হাজৰিকা চতুৰ্থ আৰু  হৃদয়জ্যোতি ডেকা পঞ্চম শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে বিবেচিত হয়। আৰোহণ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰ জ্যোতি শৰ্মাই জনোৱা মতে সংগীত প্ৰতিষ্ঠানখনত শাস্ত্ৰীয় সংগীতৰ সমান্তৰাল ভাৱে লোক সংগীতৰো প্ৰশিক্ষণ প্ৰদান কৰা হয়।