আজিৰ খবৰ, গুৱাহাটী , ৪ আগষ্ট, ২০২২ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু জৈৱ বৈচিচিত্ৰ্য সংৰক্ষণ কৰাৰ বাবে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল সমূহ যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবলৈ বন বিভাগক কিছুদিন পূৰ্বে অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত নিৰ্দেশ দিছে । আনকি মুখ্যমন্ত্ৰীয়ে বনাঞ্চলত নতুনকৈ যাতে বেদখলৰ ঘটনা সংঘটিত নহয় তাৰ ওপৰতো চকু ৰাখিবলৈ বন বিভাগক নিৰ্দেশ দিছে । আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ৰাজ্য চৰকাৰৰ বন বিভাগৰ প্ৰাদেশিক শাখাৰ আন কেবাটাও সংমণ্ডলৰ দৰে পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই খণ্ড বন বিষয়া সকলক নিজ নিজ এলেকাত নতুনকৈ হোৱা বেদখল সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । ডি এফ অৰ নিৰ্দেশৰ পাছতেই গুৱাহাটীৰ বশিষ্ঠ খণ্ড বন কাৰ্যালয়ে আজি গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বেহাৰবাৰী ( সেউজ নগৰ ) অঞ্চলত এক বৃহৎ উচ্ছেদ অভিযান চলায় । বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি বশিষ্ঠৰ খণ্ড বন বিষয়া পুলিন মহন্তৰ নেতৃত্বত খণ্ড বন কাৰ্যালয়ৰ এটা বনকর্মীৰ দলে দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকর্মীৰ সহযোগত চলোৱা অভিযানত নতুনকৈ নিৰ্মাণ কৰা ১৪ টা টিনৰ চালি ঘৰ উচ্ছেদ কৰা হয় । অৱশ্যে বন বিভাগৰ অভিযানকাৰী দলটো তাত উপস্থিত হোৱাৰ পাছতেই বেদখলকাৰী সকল কৌশলেৰে আঁতৰি যায় । ফলত এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে কোনো বেদখলকাৰীক আটক কৰিব নোৱাৰিলে । আনহাতে অঞ্চলটোৰ সচেতন লোক আৰু প্ৰকৃতিপ্ৰেমী সকলে বন বিভাগৰ উচ্ছেদ কাৰ্যক আদৰণি জনাইছে আৰু উচ্ছেদ কৰা স্থানখিনী সংৰক্ষণ কৰি তাত ব্যাপক মাত্ৰাত গছপুলি ৰোপণ কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মণিপুৰৰ টুপুলত ভূমিস্খলনত নিহত ১৬ শ্ৰমিকৰ কুশতলীত আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ
মণিপুৰৰ টুপুলত বিগত ২৯জুনত ভূমিস্খলনত নিহত ১৬শ্ৰমিকৰ কুশতলীত আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ
રાજકોટ : એરગન ફાયરિંગ કરતો વિડિયો સોશિયલ મીડિયામાં વાયરલ
રાજકોટ : એરગન ફાયરિંગ કરતો વિડિયો સોશિયલ મીડિયામાં વાયરલ
ಪರಿಶಿಷ್ಟ ಜಾತಿಗೆ ಸೇರಿದ ಮಾದಿಗ ಸಮುದಾಯಕ್ಕೆ ಒಳ ಮೀಸಲಾತಿ ನೀಡಬೇಕೆಂದು'ಮಾದಿಗ ಮಹಾಸಭಾ'ದ ಅಧ್ಯಕ್ಷರಾದ ಹನುಮಂತಪ್ಪ ದುರ್ಗ ಅವರು ಒತ್ತಾಯಿಸಿದರು.
ಅಕ್ಟೋಬರ್ 28, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ "ಮಾದಿಗ ಮಹಾಸಭಾ"ದ ಪದಾಧಿಕಾರಿಗಳು ಪತ್ರಿಕಾಗೋಷ್ಠಿ...
মঙ্গলদৈত চৰকাৰ চকত পথ দুৰ্ঘটনা
মঙ্গলদৈত চৰকাৰ চকত পথ দুৰ্ঘটনাদুখন বাইকৰ মাজত মুখা মূখী সংঘৰ্ষত এজন যুৱক গুৰুতৰ ভাৱে আহত যুৱক জনৰ...