আজিৰ খবৰ, গুৱাহাটী , ৪ আগষ্ট, ২০২২ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু জৈৱ বৈচিচিত্ৰ্য সংৰক্ষণ কৰাৰ বাবে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল সমূহ যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবলৈ বন বিভাগক কিছুদিন পূৰ্বে অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত নিৰ্দেশ দিছে । আনকি মুখ্যমন্ত্ৰীয়ে বনাঞ্চলত নতুনকৈ যাতে বেদখলৰ ঘটনা সংঘটিত নহয় তাৰ ওপৰতো চকু ৰাখিবলৈ বন বিভাগক নিৰ্দেশ দিছে । আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ৰাজ্য চৰকাৰৰ বন বিভাগৰ প্ৰাদেশিক শাখাৰ আন কেবাটাও সংমণ্ডলৰ দৰে পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই খণ্ড বন বিষয়া সকলক নিজ নিজ এলেকাত নতুনকৈ হোৱা বেদখল সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । ডি এফ অৰ নিৰ্দেশৰ পাছতেই গুৱাহাটীৰ বশিষ্ঠ খণ্ড বন কাৰ্যালয়ে আজি গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বেহাৰবাৰী ( সেউজ নগৰ ) অঞ্চলত এক বৃহৎ উচ্ছেদ অভিযান চলায় । বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি বশিষ্ঠৰ খণ্ড বন বিষয়া পুলিন মহন্তৰ নেতৃত্বত খণ্ড বন কাৰ্যালয়ৰ এটা বনকর্মীৰ দলে দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকর্মীৰ সহযোগত চলোৱা অভিযানত নতুনকৈ নিৰ্মাণ কৰা ১৪ টা টিনৰ চালি ঘৰ উচ্ছেদ কৰা হয় । অৱশ্যে বন বিভাগৰ অভিযানকাৰী দলটো তাত উপস্থিত হোৱাৰ পাছতেই বেদখলকাৰী সকল কৌশলেৰে আঁতৰি যায় । ফলত এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে কোনো বেদখলকাৰীক আটক কৰিব নোৱাৰিলে । আনহাতে অঞ্চলটোৰ সচেতন লোক আৰু প্ৰকৃতিপ্ৰেমী সকলে বন বিভাগৰ উচ্ছেদ কাৰ্যক আদৰণি জনাইছে আৰু উচ্ছেদ কৰা স্থানখিনী সংৰক্ষণ কৰি তাত ব্যাপক মাত্ৰাত গছপুলি ৰোপণ কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नर्मदा नदी में चली महिला तो लग गई हजारों की भीड़, लेकिन मामला कुछ और ही सामने आया ! |MP Tak
नर्मदा नदी में चली महिला तो लग गई हजारों की भीड़, लेकिन मामला कुछ और ही सामने आया ! |MP Tak
चक्क माणसांसारखं बोलतोय हा कुत्रा, पहा व्हिडीओ | Dog Video Viral | Hpn Marathi News
चक्क माणसांसारखं बोलतोय हा कुत्रा, पहा व्हिडीओ | Dog Video Viral | Hpn Marathi News
Harini Amarasuriya: दिल्ली में हुई पढ़ाई, एडनबर्ग से किया PhD; पढ़ें कौन हैं श्रीलंका की नई प्रधानमंत्री हरिनी
नई दिल्ली। दिल्ली विश्वविद्यालय से स्नातक तक की शिक्षा प्राप्त करने वाली हरिनी...
अतिवृष्टीमुळे नुकसान सोसलेल्या शेतकऱ्यांसाठी लवकरच धोरणात्मक निर्णय*
- कृषि मंत्री अब्दुल सत्तार
*अतिवृष्टीमुळे नुकसान सोसलेल्या शेतकऱ्यांसाठी लवकरच धोरणात्मक निर्णय*
- कृषि मंत्री अब्दुल...