সোণাৰিত বিভিন্ন দাবীত শ্ৰমিকৰ দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত।
চৰাইদেউ জিলাৰ বিভিন্ন বাগিচাত আজি দ্বিতীয় দিনাও অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত ধৰ্ণা কাৰ্যসূচী অব্যাহত আছে। সোণাৰিৰ টিয়ক ৰজাবাৰী বাগিচাৰ শ্ৰমিকে বিভিন্ন শ্লোগানেৰে ওত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চাহ শ্ৰমিকৰ মুঠ ২১ টা দাবী সন্নিবিষ্ট স্মাৰক পত্ৰ টিয়ক বাগিচাৰ পৰিচালকলৈ প্ৰেৰণ কৰে।
এই অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ প্ৰাক্তন মন্ত্ৰী,সোনাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দিলেশ্বৰ তাঁতী মৃত্যুত অসম চাহ মজদুৰ সংঘৰ টিয়ক শাখায়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এক মিনিট মৌন প্ৰাৰ্থনা কৰে।