সোণাৰিত পথ দূৰ্ঘটনা,এজন নিহত।

সোণাৰিত যোৱা নিশা এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়। ভজোৰ পৰা সোণাৰি অভিমোখে আহি থকা এজন বাইক আৰোহীৰ দূৰ্ঘটনা পতিত হৈ মৃত্যু হয়। সোণাৰিৰ গুৱালাপথাৰৰ হৰি তামাঙ (৪০) নামৰ লোকজন নিশা নিজ কৰ্মস্থলী ভজোৰ পৰা সোণাৰি অভিমুখে এ এচ ৩৩ ৩৬৬৪ নম্বৰৰ চুপাৰ ইচপ্লেন্ডাৰ বাইকখনত আহি থকা বাটত বগৰিগুৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খালত ছিটিকী পৰাত স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ কনকলতা নাৰ্ছিংলৈ লৈ অনা হয় যদিও নাৰ্ছিং খনতে শেষ নিশ্বাস ত্যাগ কৰে বাইক আৰোহীজনে।