শনিবাৰৰ পৰা ৰঙিয়া উচ্চতৰ মাধ‍্যমিক খেলপথাৰত ষষ্ঠ বাৰ্ষিক ৰঙিয়া প্ৰিমিয়াৰ লীগ গধুৰ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে । জনকল‍্যাণ সমিতিৰ উদ‍্যোগত তথা স্পৰ্শ হাস্পতালৰ সহযোগত অনুষ্ঠিত খেলখন উদ্বোধন কৰে ৰঙিয়াৰ বিশিষ্ট চিকিৎসক ডাঃ হিতেন কলিতা , ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাষ্কৰমল্ল পাটোৱাৰী আৰু ৰঙিয়াৰ বিশিষ্ট সংবাদ সেৱক ফাৰুক হুছেইনে । প্ৰতিযোগিতা খনত সৰ্বমুঠ সাতটা দলে অংশগ্ৰহণ কৰিছে । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দল কেইটা হৈছে ৰঙিয়া এভেঞ্জাৰছ , স্পৰ্শ হাস্পটাল , আৰ ডি ব্ৰাদাৰছ , মৰাণজানা ৰাইনোছ , মুৰাৰা ব্লাষ্টাৰ্চ , এছ এম বৰডেকপাৰ ১১ আৰু এইছ ডি মটৰছ । প্ৰাইজমানি থকা প্ৰতিযোগিতা খনৰ প্ৰথম দিনাৰ খেলত ছয়টা দলৰ মাজত তিনিখন খেল অনুষ্ঠিত হয় । ১৪ নবেম্বৰত প্ৰতিযোগিতা খনৰ চুড়ান্ত খেল অনুষ্ঠিত হোৱাৰ লগতে সামৰি পৰিব ।