ওদালগুৰি জিলা ক্ৰীড়া সন্থা আৰু ওদালগুৰি জিলা এবছুৰ যৌথ উদ্যোগত ওদালগুৰিৰ নলবাৰী খেল পথাৰত অনুষ্ঠিত ২৮ সংখ্যক সৰ্বভাৰতীয় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্নকাপ ফুটবল প্ৰতিযোগিতাৰ সামৰণি পৰে। কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল খেলখন উদ্ধোধন কৰে বিবিচিৰ উপ- মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে । ফাইনেল খেলখনত একমাত্ৰ গলৰ সহায়ত ইউ নাইটেড চিৰাং দুৱাৰ এফ চিয়ে শক্তিশালী দল অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক পৰাজিত কৰি চুড়ান্ত খিতাপ অৰ্জন কৰে। চুড়ান্ত খেল খনৰ শ্ৰেষ্ঠ খেলুৱৰূপে সন্মান লাভ কৰে আকিম অবেই বটা বিতৰণি অনুষ্ঠানত বিজয়ী দলক এবছুৰ সভাপতি দ্বিপেন বড়োয়ে আৰু বিজিত দলক বিবিচিৰ উপ- মুখ্য কাৰ্য্যাবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতৰীয়ে বটা প্ৰদান কৰে।
ওদালগুৰি জিলা ক্ৰিড়া সন্থা আৰু ওদালগুৰি জিলা এবছুৰ যৌথ উদ্যোগত ওদালগুৰিৰ নলবাৰী খেল পথাৰত অনুষ্ঠিত ২৮সংখ্যক সৰ্বভাৰতীয় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা

