আজিৰ খবৰ, গুৱাহাটী, ১৮ জুলাই, ২০২২ : ৰাজ্যখনৰ অন্যতম সাংস্কৃতিক গোষ্ঠী , গুৱাহাটীৰ নাৰেংগী বীৰকুছিস্থিত তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰই উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী সকলে শুদ্ধ ৰূপত সত্ৰীয়া নৃত্য বা পাশ্চাত্য নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে সেই লক্ষৰে ১০ জুলাইৰ পৰা এক সপ্তাহযোৰা কাৰ্যসূচীৰে কলাকেন্দ্ৰত অনুষ্ঠিত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ আজি সফল সামৰণি পৰে । উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে কলাকেন্দ্ৰৰ অধ্যক্ষ , বিশিষ্ট নৃত্য শিল্পী তুলিকা ভূঞা বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কৰ্মশালাত সত্ৰীয়া নৃত্যত মুখ্য প্ৰশিক্ষক হিচাপে সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বায়নাচার্য ঘনাকান্ত বৰা আৰু সহযোগী হিচাপে কস্তুৰী কাশ্যপ , পাশ্চাত্য নৃত্যত মুখ্য প্ৰশিক্ষক হিচাপে বিশিষ্ট চলচিত্ৰ পৰিচালক হেমেন শৰ্মা , সহযোগী হিচাপে সুৰুজ আৰু বাবুয়ে ভাগ লোৱা ৩১ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে । সমান্তৰাল ভাৱে আন কেবাগৰাকী অভিজ্ঞ ব্যক্তিৰ দ্বাৰাও প্ৰশিক্ষণ দিয়া হ'য় । আনহাতে কলাকেন্দ্ৰৰ অধ্যক্ষা তুলিকা ভূঞা বৰুৱাই আঁত ধৰা সামৰণি অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া , সাংস্কৃতিক সাংবাদিক অতুল দত্ত , দূৰদৰ্শন কেন্দ্ৰ , গুৱাহাটীৰ ঘোষক ঋতু গগৈ , সমাজসেবিকা মণিকা ভূঞা , অৰিন্দম বৰুৱাকে ধৰি উপস্থিত কেবাজনো বিশিষ্ট লোকে কৰ্মশালাত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ বিতৰণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: 'बटेंगे तो कटेंगे' वाले बयान पर RSS का बड़ा बयान, कहा- बयान का मतलब है कि एकता
Breaking News: 'बटेंगे तो कटेंगे' वाले बयान पर RSS का बड़ा बयान, कहा- बयान का मतलब है कि एकता
সোণাৰিৰ লাহদৈগড়ত ৰাবাৰ নদীৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
শাৰদীয় দূৰ্গা পূজাৰ পূজাস্থলীত মা দুৰ্গাৰ আশীষ বিচাৰি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে...
Monsoon Session 2023: केंद्र सरकार ने 19 जुलाई को बुलाई सर्वदलीय बैठक, 20 से शुरू होगा मानसून सत्र
नई दिल्ली, संसद का मानसून सत्र 20 जुलाई से शुरू हो रहा है। मानसून सत्र से पहले केंद्र सरकार ने...