শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্য্যসূচীৰে সাহিত্য সভাৰ ১০৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰাহয়। এই উপলক্ষে ১০৭ খন পতাকা উত্তোলন কৰাহয়। মুল পতাকা উদ্বোধন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী ড°নিৰুপমা মহন্তই।দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসমৰ।ৰাজ্যপাল গোলাৱচান্দ কাটাৰিয়া।এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপিল গৰাকীয়ে কয় যে -এটা।জাতীয় সংগঠনে ১০৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন।কৰিব পৰাটো গৌৰৱৰ কথা। ৰাজ্যপাল গৰাকীৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু, শিক্ষা উপদেষ্টা ড°ননীগোপাল মহন্ত, যোৰহাটৰ সাংসদ তথা উদযাপন সমিতিৰ সভাপতি তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ প্ৰৱিত্ৰ মাৰ্ঘেৰিটা, সভাপতি ড°সূৰ্যকান্ত হাজৰিকা, অকাডেমী বটাপ্ৰাপক ঔপন্যাসিক ড°জয়ন্ত মাধৱ বৰা, লোকসংস্কৃতিৰ গৱেষক ড°অনিল শইকীয়া, আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।