চৰাইদেউ জিলাৰ মাহমৰাত দিবা নৈশ ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। মাহমৰাৰ  এম.ভি স্কুলৰ খেলপথাৰত আয়োজন কৰা হৈছে দিবা নৈশ ফুটবল প্ৰতিযোগিতাখন। মাহমৰাৰ সমন্বয় যুৱক সংঘৰ উদ্যোগত আৰু বৃহত্তৰ মাহমৰাবাসীৰ সহযোগত আয়োজন কৰা হৈছে অষ্টম বাৰ্ষিক দিবা নৈশ ফুটবল প্ৰতিযোগিতাখনি।

অহা ১৭, ১৮, ১৯ আৰু ২০ নৱেম্বৰত আয়োজন কৰা প্ৰতিযোগিতা খনৰ প্ৰথম পুৰস্কাৰ হৈছে ২৫ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ ১৫ হাজাৰ টকা। সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।