সোণাৰিত সমলয় গোষ্ঠীৰ উদ্যোগত ডঃ ভূপেন হাজাৰিকাক স্মৰণ

সোণাৰিৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান সমলয় গোষ্ঠীৰ উদ্যোগত আৰু খগেন গগৈ সোঁৱৰণী আৰোহণ সংগীত বিদ্যা নিকেতনৰ সহযোগত আজি  ডঃ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু তিথি উদযাপন কৰা হয়। এই উপলক্ষে সোণাৰি সমলয় গোষ্ঠীৰ প্ৰাঙ্গনত বিশ্ব বৰেণ্য শিল্পী গৰাকীক স্মৰণ কৰাৰ "সোঁৱৰণীৰ কুঁৱলীত ভূপেনদাৰ গান" শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সোণাৰি বিশিষ্ট সংগীত শিল্পী বিপিন শৰ্মাই ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পিছত তেখেতক উদ্যোক্তা সকলে সম্বৰ্ধনা জ্ঞাপন কৰে। সোণাৰিৰ বিশিষ্ট সংগীত শিল্পী দেৱজ্যোতি গগৈয়ে আঁতধৰা উদ্বোধন অনুষ্ঠানটিত সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগে ভাষণ প্ৰদান কৰি সাংস্কৃতিক সন্ধিয়াটি উদ্বোধন কৰে। যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটিত সোণাৰি অঞ্চলৰ ভালে সংখ্যক ন-পুৰণি শিল্পীয়ে ভূপেন হাজৰিকাৰ গীত আৰু তেওঁৰ গীতৰ ওপৰত আধাৰিত নৃত্য পৰিৱেশন কৰি বিশ্ব বৰেণ্য শিল্পী, ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।