চৰাইদেউ জিলাৰ বৰহাট লোহলীয়া ৩ নং গাঁওৰক্ষী বাহিনীৰ মহিলা সকলে আগন্তুক ১৫ আগষ্টৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ কাৰণে ওলাই আহি ৰাতি ৯ বজাত তেওঁলোকে কৰ্তব্য পালন কৰা পৰিলক্ষিত হৈছে। নিশা হ'লেই নিজৰ পাকঘৰৰ ব্যস্ততা এৰি আহা এই সকলে হাতত লাঠি আৰু টৰ্ছেই একমাত্ৰ এইসকলৰ সম্বল।

এনেদৰেই পহৰা দিয়ে এই সাহসী গাঁওৰক্ষী বাহিনীৰ মহিলা দলটোৱে। এখন গাঁৱক সুৰক্ষা আৰু গাঁওখনৰ শৃংখলাবদ্ধতা আদিৰ ক্ষেত্ৰত গাঁওখনৰ গাওঁৰক্ষী বাহিনীৰ কথা সততে মনলৈ আহে।

গাঁওখনৰ জনসাধাৰণে যাতে নিজকে সুৰক্ষিত অনুভৱ কৰে তাৰে প্ৰয়াস গাওঁৰক্ষী বাহিনীৰ। আগন্তুক স্বাধীনতা দিৱস উপলক্ষে বৰহাটৰ লোহলীয়াৰ ৩ নং গাওঁৰক্ষী বাহিনীৰ মহিলা সকলৰ এই উল্লেখনীয় পদক্ষেপে এতিয়া সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।