আজিৰ পৰা দুদিনীয়াকৈ দৰং ৰ গাখীৰখোৱাপাৰা, জালুকবাৰী,জনাৰামচৌকাৰ সাৰ্বজনীন মোৱামৰীয়া হৰি মন্দিৰ ৰ বাৰ্ষিক গোন্ধ চৌপৰি সভা।
∆ প্ৰথম দিনা ভোটা (বৰপ্ৰদীপ) প্ৰজ্বলন আৰু দ্বিতীয় দিনা বিশ্বশান্তিৰ বাবে বিষ্ণুযজ্ঞ অনুষ্ঠিত হ'ব।
আনহাতে আজি নিশা ১০-০০বজাৰ পৰা দৰঙী কলা কৃষ্টিৰ অন্যতম সমল চমুৱাপাৰাৰ কৃষক মিলন আঞ্চলিক খুলীয়া ভাওঁনা দলৰ দ্বাৰা 'দ্ৰৌপদী বস্ত্ৰ হৰণ ' আৰু 'অভিমন্যু বধ' নাট প্ৰদৰ্শিত হ'ব।
সমূহ কাৰ্যসূচীতে ভক্ত প্ৰাণ ৰাইজৰ উপস্হিতি আৰু সহযোগিতা উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে।