বৃন্দাবনলৈ পৰিণত হল সোণাৰি পাৰ্বতী পুৰ সত্ৰীয়া সংস্কৃতি নামঘৰ। বিশ্বৰ শান্তিৰ বাবে ৪ দিনিয়াকৈ অখণ্ড ভাগৱত পাঠ

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

চৰাইদেউ জিলাৰ সোণাৰি পাৰ্বতী পুৰ সত্ৰীয়া সংস্কৃতি নামঘৰত আজিৰে চাৰি দিনিয়াকৈ হৰি কীৰ্তনৰে বৈকুণ্ঠ পুৰিলৈ ৰূপায়িত হব । বিশ্বৰ শান্তিৰ বাবে আৰু আধ্যাত্মিক চিন্তাৰ পৰিবেশৰ মাজেৰে আমাৰ সমাজখন শান্তিৰে আগবাঢ়াই নৱপ্ৰজন্মক মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ মানসৰে জাতি বৰ্ণ নিৰ্বিশেষে চাৰিদিনায়াকৈ অখণ্ড ভাগৱত পাঠৰ কাৰ্যসূচীৰে আধ‍্যাতমিক চিন্তাৰে বিশ্ব শান্তিৰ বাবে পালন কৰিব অখণ্ড ভাগৱত পাঠ।

বিশ্ব শান্তিৰ হকে পাৰ্বতীপুৰ অঞ্চলৰ আকাশ বতাহ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিব চাৰি দিন । গতিকে এই অঞ্চল সমুহৰ পৰাই হৰি কীৰ্ত্তনে , ভাগৱত পাঠৰ সুৰৰ তালে তালে গোটেই বিশ্বতে মৰম চেনেহৰ ভাব ধাৰা জাগ্ৰত কৰি সম্প্ৰিতিৰ এনাজৰীডাল টনকিয়াল হওক পৃথিৱীৰ পৰা অপয়ামংগল দূৰ হঁওক আধ্যাত্মিক চিন্তাৰ পৰিবেশৰ মাজেৰে আমাৰ সমাজখনক শান্তিৰ গতিৰে কৃপাময়ে আগবাঢ়িই নিয়ে, আৰু নৱপ্ৰজন্মক সকলো দিশত মানৱ সম্পদ হিচাপে সৃষ্টি কৰা আৰু সাংস্কৃতিক, সামাজিক সকলো বাতাবৰণ যাতে সুন্দৰ কৈ পৰমেশ্বৰে হৰি কীৰ্তন ভাগৱত পাঠৰ জৰিয়তে বাধা বিঘিনি নহবৰ হেতুকে আজিৰে পৰা সোণাৰি পাৰ্বতী পুৰ সত্ৰীয়া সংস্কৃতি নামঘৰৰ পূণ‍্য স্থানত এই ভাগ কৰ্ম কৰিবলৈ আগবাঢ়িছে ভক্ত সকলে।