: সুৰা বিপণী খোলিবলৈ অনুমতি দিয়াক লৈ চৰ্চা চলি থকাৰ সময়তে মৰাণত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কয় যে সুৰাক লৈ মিচাতে কিছুমান প্ৰচাৰ চলিছে । চৰকাৰে গাওঁ অঞ্চলত কেতিয়াও সুৰা বিপণী খুলিবলৈ অনুমতি দিয়া নাই । চহৰ অঞ্চলত যিবিলাক ঠাই খালি আছে, সেই ঠাইবিলাকতহে নতুন সুৰা বিপণী হ'ব । আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত মৰাণৰ তৰাণী পথাৰ এফ ভি পানীযোগান আঁচনিৰ শুভ উদ্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু কয় যে কংগ্ৰেছৰ ভাৰত জ'ড়ো যাত্ৰাই কংগ্ৰেছৰ কফিনত শেষ গজাল মাৰিছে। কংগ্ৰেছৰ ভাৰত জ'ড়ো যাত্ৰাই নিজ দলটোক নি:শেষ কৰিব। ভাৰত জ'ড়ো আন্দোলন কৰিব লাগিছিল খিলঞ্জীয়া লোক সকলক লগত লৈ কিন্তু কংগ্ৰেছে কৰিছে মিঞা সকলক লগত লৈ। অনুপ্ৰৱেশকাৰী বাংলাদেশী মিঞা সক5লক লগত লৈ বাংলাদেশ জ'ড়ো যাত্ৰা কৰিব পাৰিব, ভাৰত জ'ড়ো যাত্ৰা কৰিব হলে খিলঞ্জীয়া লোক থাকিব লাগিব। আজি এই অনুষ্ঠানটোত মন্ত্ৰীজনৰ লগতে মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, জিলা উপায়ুক্ত পল বৰাকে ধৰি কেইবাগৰাকীও বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
মৰাণত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাঃ সুৰা বিপণী সমূহ চহৰ অঞ্চলতহে খুলিবলৈ অনুমতি দিয়া হৈছে গাওঁ অঞ্চলত নহয়
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/11/nerity_942162c1d846b892ebe77f7d20df1548.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)