পুনৰ শলঠেকত পৰিছে ৰাজ্যৰ ৭০ গৰাকীকৈ কলেজ শিক্ষক। পুনৰ ভুৱা ডক্টৰেট ডিগ্ৰীয়ে জোকাৰিছে শৈক্ষিক মহলত ৷ ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত অনাকাংক্ষিত ভাৱে কলংক সনাৰ এক অশুভ ইংগিত পোহৰলৈ আহিছে । কেৱল পদোন্নতি আৰু বৰ্ধিত বেতনৰ সপোন দেখি কোনো ভুৱা তথা UGC স্বীকৃতি নথকা ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় পৰা অসৎ পন্থাৰে ভুৱা PhD ক্ৰয় কৰাকলৈ পূৰ্বতে আমি বহুবাৰ বাতৰি প্ৰকাশ কৰিছিলোঁ ।

ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালক ধৰ্মকান্ত মিলিয়ে যোৱা ১৪ জুলাইত জাৰি কৰা নিৰ্দেশনা নং- পি চি /এইচ ই ভেৰ /পি এইচ ডি ২ /২১ জৰিয়তে যিসকল মহাবিদ্যালয় শিক্ষকৰ এই ডিগ্ৰীৰ বৈধতাকলৈ প্ৰশ্ন উত্থাপন কৰিছে- সেইসকলৰ ভিতৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ৩ গৰাকী তথাকথিত শিক্ষকৰ নাম সন্নিবিষ্ট হৈছে ।সেইকেইজন মহাবিদ্যালয় শিক্ষক হৈছে ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ জিতু কুমাৰ চমুৱা ,(ক্ৰমিক নং-২৭ ) , অসমীয়া বিভাগৰ দীপ দত্ত (ক্ৰমিক নং- ২৫) ,খেৰকটাৰ ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ হেমেন পাতিৰ (ক্ৰমিক নং-১৬) নাম সন্নিবিষ্ট হৈছে। এনে উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ এই বিদ্যাৰ মন্দিৰৰ শিক্ষাগুৰু সকলৰ যদিহে এনে সমূহ PhD ডিগ্ৰী প্ৰকৃতাৰ্থত ভুৱা প্ৰমাণিত হয় তেনেহলে এনে অসৎ পন্থাক সেইয়া স্বাভাৱিকতে সন্দেহ উপজিছে । ইপিনে ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালক ধৰ্মকান্ত মিলিয়ে ২০২১ বর্ষৰ ২৯ নৱেম্বৰত এ এইচ ই ৩৮১/২১২১ /৬ নং নিৰ্দেশনা মৰ্মে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰফেছৰ ডঃ অলক কুমাৰ বৰগোঁহাইৰ অধ্যক্ষতাত গঠিত উচ্চ ক্ষমতা সম্পন্ন পৰীক্ষণ সমিতিৰ আগত অহা ১৯ জুলাইত যাবতীয় নথি পত্ৰ সহ উপস্থিত থাকিবলৈ অন্যান্য সকলৰ লগতে ঢকুৱাখনা এই কেইজন শিক্ষকলৈ ইতিমধ্যে চমন জাৰি কৰিছে বুলি জনা গৈছে ৷ যাৰ বাবে ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ লগতে শিক্ষানুৰাগী ৰাইজকো স্তম্ভিত কৰি তুলিব এনেবোৰ খবৰে ।