নটসূৰ্য ফণী শৰ্মা বটা পাপক, প্ৰবীণ চলচিত্ৰ অভিনেতা ভোলা কটকীৰ মৃত্যু।

অভিনয়ৰ প্ৰতি থকা দুৰ্বাৰ হেপাহৰ বাবে যি ত্যাগ কৰিছিল চৰকাৰী চাকৰি।

প্ৰবীণ চলচিত্ৰ অভিনেতা তথা নটসূৰ্য ফণী শৰ্মা বটা পাপক ভোলা কটকী আৰু নাই।যোৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভোগি থকা কটকীয়ে আজি বিয়লিৰ ভাগত চিকিংসাধীন অৱস্থাতে গুৱাহাটী মেডিকেল কলেজত মৃত্যু হয়।মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯০ বছৰ।১৯৩৫ চনত জামুগুৰিহাটৰ সঙ্গীয়া মাজৰচুক গাঁওত জন্ম লাভ কৰা কটকীয়ে ছাত্ৰ অৱস্থাতে অভিনয়ৰ প্ৰতি আকৰ্ষিত হয় আৰু পিছত তেজপুৰ দৰং কলেজত পঢ়িবলৈ গৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা,নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্য লাভ নিজকে অভিনয় জগতত উজ্জীৱিত কৰি তুলিবধৈ সুবিধা লাভ কৰে। কলেজীয়া শিক্ষা সমাপ্ত কৰি ৰঙাচকুৱাত শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলা কটকীয়ে অভিনয়ৰ প্ৰতি থকা দুৰ্বাৰ হেপাহৰ বাবেই শিক্ষকতাৰ চাকৰি ত্যাগ কৰি অৱশেষত ১৯৬৩ চনত অচ্যুত লহকৰৰ 'নটৰাজ থিয়েটাৰ'ত যোগদান কৰে।৩৫বছৰ কাল দুৰ্দান্ত অভিনয়ৰে অসমৰ ভ্ৰাম্যমাণ জগতত খলকনিৰ সৃষ্টি কৰা ভোলা কটকীয়ে ১৯৮০চনত ড' ভবেন্দ্ৰ নাথ শইকীয়াৰ 'অৰ্ণিবান' চলচিত্ৰত 'ৰজনি মাষ্টৰ'ৰ চৰিত্ৰত কৰা অভিনয়ে দৰ্শকৰ মাজত সাজ বহুৱাই সক্ষম হৈছিল।ইয়াৰোপৰি 'সাদৰি' জলাঞ্জলি' উৰ্বশী, বৃকোদৰ বৰুৱাৰ বিয়াকে ধৰি একাধিক সৰু পৰ্দাৰ ধাৰাবাহিকতো অভিনয় কৰিছিল কটকীয়ে।

অভিনয় ক্ষেত্ৰলৈ আগবঢ়োৱা অন্যবদ্য অৱদানৰ বাবে ভোলা কটকীক ২০১৭ চনত অসম চৰকাৰে নটসূৰ্য ফণী শৰ্মা বটাৰে বিভূষিত কৰে।যোৱা দুটা বছৰৰো অধিক দিন শাৰীৰিক অসুস্থতাত ভোগি থাকি আজি জীৱন নাটৰ যৱনিকা পেলোৱা ভোলা কটকীৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে জামুগুৰিহাটবাসীক। উল্লেখ্য যে মৃত্যুৰ সময়ত কটকীয়ে পত্নী, দুই পুত্ৰ, একমাত্ৰ জীয়াৰী নাতি, নাতিনীসহ অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।