শদিয়া সমষ্টিৰ হাঁহখাটি গাওঁ পঞ্চায়তৰ অন্তৰ্গত মচবাৰী ৰাজহুৱা খেলপথাৰত ভাৰতীয় জনতা পাৰ্টি কাকপথাৰ মণ্ডল সমিতিৰ উদ্যোগত বৃহত্তৰ মচবাৰী,কচুদুপ,বজালতলী আৰু ডিৰাক মুখ অঞ্চলৰ হাজাৰোধিক ৰাইজৰ উপস্থিতিত এক ৰাজহোৱা যোগদান সভা অনুষ্ঠিত হয় ৷ 

বৃহস্পতি বাৰৰ বিজেপিৰ এই যোগদান সভাত লক্ষিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্ৰদান বৰুৱা, শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া লগতে বহু কেইগৰাকী দলীয় জেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে ৷